চাহ সম্পৰ্কে এটা প্রচলিত প্রবাদ আছে যে "ইউ হেভ নট ৱেকেন আপ ফুললি ইফ ইউ হেভনট চিপড অসম টি (আপোনাৰ টোপনি সম্পূৰ্ণ ৰূপে নাভাগে যদিহে আপুনি অসমৰ চাহৰ এটি সোঁহা নামাৰে)"। গভীৰ মৌ-জুলীয়া ৰংযুক্ত এপিয়লা চাহৰ বাবে অসম চিৰ সমৃদ্ধ। উজ্জ্বল, শক্তিশালী আৰু নিচা আদি চৰিত্ৰৰে সমৃদ্ধ অসমীয়া চাহ হৈছে টোপনি ভগা বা সাৰ পাবলৈ বা সতেজ হৈ থাকিবলৈ ব্যৱহাৰ কৰা নিখুঁত চাহ। অসমৰ বৈশিষ্টপূৰ্ণ দ্বিতীয় ফ্লাচ অর্থোডক্স চাহ ইয়াৰ সমৃদ্ধিশালী সোৱাদ, উজ্জ্বল পনীয়ৰ বাবে মূল্যৱান আৰু সেয়েহে অসমৰ চাহক বিশ্বৰ অন্যতম চাহ হিচাপে বিবেচনা কৰা হয়।

Assam-Tea

উপত্যকা আৰু পাহাৰৰ মাজেৰে নিজৰ পথ নিজে তৈয়াৰ কৰি লোৱা, ব্রহ্মপুত্র নদীৰ ঘূৰ্ণীয়মান সমভূমিত উৎপাদিত শক্তিশালী চাহ, মসৃণ নিচাযুক্ত সোৱাদৰ বাবে বিখ্যাত। অঞ্চলটোৰ সমৃদ্ধ পলসূৱা মাটি, ব্যতিক্ৰমী জলবায়ু আৰু অবাধ বৃষ্টিপাতৰ দ্বাৰা সৃষ্টি হোৱা এটি সোৱাদ।

 অসম বিশ্বৰ বৃহত্তম চাহ-উৎপাদন ক্ষেত্র হোৱাৰ লগতে, অসমৰ যোৰহাট জিলাত অৱস্থিত টোকলাইত পৰীক্ষামূলক ষ্টেচনটো বিশ্বৰ সকলতকৈ প্রাচীন আৰু সর্ববৃহৎ গৱেষণা কেন্দ্র ৰূপে বিবেচিত, যিয়ে প্ৰতিৰুপ প্রচাৰ আৰু স্থিৰ গৱেষণা চলায় যাতে আমাৰ দেহাই পনীয়ৰ শক্তি ধৰি ৰাখিব পাৰে আৰু চাহৰ গুল্মবোৰে উচ্চ মানদণ্ডৰ চাহ উৎপন্ন কৰিব পাৰে। 

অর্থোডক্স আৰু চিটিচি (ক্রাচ / টিয়াৰ / কার্ল) আদি বিভিন্ন প্ৰৰকাৰ চাহ ইয়াত প্ৰস্তুত কৰা হয়। অসমৰ অৰ্থোডক্স চাহ এটা নিবন্ধিত ভৌগলিক সংকেট(জিআই)।

গুৱাহাটী চাহ নিলাম কেন্দ্র (জিটিএচি) বিশ্বৰ অন্যতম ব্যস্ততম চাহ ব্যৱসায়িক সুবিধালব্ধ কেন্দ্ৰ। এই কেন্দ্ৰটো গুৱাহাটী চহৰতে অৱস্থিত আৰু ইয়াৰ প্রাথমিক পণ্য হ'ল অসমৰ চাহ। ১৯৭০ চনত প্রতিষ্ঠিত গুৱাহাটী চাহ নিলাম কেন্দ্রত বিশ্বৰ বৃহত্তম পৰিমাণৰ চিটিচি চাহ নিলাম হোৱা পৰিলক্ষিত হয়।

অসমৰ চাহ ক্ৰয় কৰিবলগীয়া ঠাইসমূহ

অসম চাহ ৰাজ্য জুৰি সকলোতে আৰু পৃথিৱীৰ বেছিভাগ চুপাৰমার্কেটতেই উপলব্ধ। গ্ৰাহকে বিভিন্ন গেলামাল শ্বপিং ৱেবছাইটৰ পৰা অসম চাহ অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব পাৰে। তৰোপৰি গুৱাহাটী চহৰতো চাহ ক্ৰয় কৰিবলগীয়া বিভিন্ন ঠাই আছে। তলত কেতবোৰ গুৰুত্বপূৰ্ণ চাহ বিপণন কেন্দ্ৰৰ নাম উল্লেখ কৰা হ'ল:

১. জালানচ টী

ঠিকনা: ১১, এম.এম. ৰোড, লাখটকীয়া, অভিনৱ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১

২. অসম টি ট্ৰেডাৰ্চ

ঠিকনা: এটি ৰোড, হোটেল বিশ্বৰত্নৰ সমীপত, ৰূপশ্রী চিনেমা হলৰ সন্মূখত, গুৱাহাটী, অসম ৭৮১০০১

৩) অসম টী কৰ্ণাৰ

ঠিকনা: এচএচ ৰোড, লাখটকীয়া, অভিনৱ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১

৪) মেচাৰ্চ বেলতলা টী ট্ৰেডাৰ্চ

ঠিকনা: লখিমি পথ, বেলতলা বশিষ্ট ৰোড, নন্দনপুৰ পথ, তিনিআলি, বেলতলা, গুৱাহাটী, অসম ৭৮১০২৮

৫) কামাখ্যা টী ট্ৰেডিং

ঠিকনা: জি এচ ৰোড, নেটৱর্ক ট্ৰেভেলচৰ বিপৰীতে, পল্টন বজাৰ, গুৱাহাটী, অসম ৭৮১০০৮

৬) হিন্দুস্থান ট্ৰেডাৰ্চ

ঠিকনা: এমএচ ৰোড, লাখটকীয়া, অভিনৱ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১

৭) এমালগামাটেড প্লেন্টেচন আউটলেট 

ঠিকনা: জিএচ ৰোড, আনন্দ নগৰ, খ্রিষ্টীয়ান বস্তি, গুৱাহাটী, অসম ৭৮১০০৫

৮) টী ট্ৰেডাৰ্চ এণ্ড এক্সপোৰ্টাৰ্চ অসম প্রাইভেট লিমিটেড

ঠিকনা: ত্রিপুৰা ৰোড, জয়া নগৰ, বেলতলা, গুৱাহাটী, অসম ৭৮১০২২