সচৰাচৰ সোধা প্ৰশ্নসমূহ

অসমৰ চৰকাৰী ৰাজ্যিক পোৰ্টেল সন্দৰ্ভত চমু বিৱৰণ
  • নাগৰিক আৰু চৰকাৰৰ ব্যৱসায়ীক লেন-দেন তথা সকলো অনলাইন সেৱা অবিৰতভাবে লাভ কৰিবলৈ অসম চৰকাৰৰ এককীকৃত ৰাজ্যিক পোৰ্টেল হ'ল এক অনুমতি প্ৰাপ্ত প্ৰবেশাধিকাৰ পথ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগে যোগান ধৰা নানা ধৰণৰ অনলাইন তথা অফলাইন সেৱা, লাভালাভ আৰু আঁচনিৰ সৈতে সম্পৰ্কীয় বিশেষ তথ্য জনসাধাৰণৰ মাজত সৰবৰাহ কৰাই হৈছে এই ৰাজ্যিক পোৰ্টেলৰ উদ্দেশ্য ।

ৰাজ্যিক পোৰ্টেলৰ জৰিয়তে প্ৰদান কৰা বিভিন্ন সেৱাসমূহ কেনেধৰণে ব্যতিক্রম?
  • অসম চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ দ্বাৰা অৰ্পণ কৰা সৰ্বোৎকৃষ্ট অনলাইন সেৱাসমূহৰ ভিতৰত এই পোৰ্টেলৰ মাধ্যমেৰে প্ৰদান কৰা ই-সেৱাও অন্তৰ্ভুক্ত। ই-সেৱাৰ অন্তৰ্গত সেৱাৰ বাবে আবেদন কৰা পিছত নাগৰিকৰ সুবিধাৰ্থে আবেদন পত্ৰৰ স্থিতি নিৰীক্ষণ তথ অৱস্থান সম্পৰ্কে অৱগত হ'বলৈ সা-সুবিধা উপলব্ধ। সেৱাৰ বাবে পথ প্ৰদৰ্শক শাখাই জেষ্ঠ নাগৰিক, বিশেষভাবে সক্ষম, সংস্থাপন সন্ধানকাৰী, শিক্ষাৰ্থী আৰু কৃষকৰ বাবে উপলব্ধ বিভিন্ন লাভালাভ তথা সেৱাত গুৰুত্ব প্ৰদান কৰে। 

অসম চৰকাৰে প্ৰদান কৰা সকলোবোৰ অনলাইন সেৱা এই পোৰ্টেলৰ দ্বাৰা লাভ কৰিবলৈ সক্ষম হ'বনে?
  • অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা অধিকাংশ অনলাইন সেৱা এই পোৰ্টেলৰ মাধ্যমেৰে প্ৰবেশ কৰিব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ অনুগ্ৰহ কৰি ই-সেৱা শাখা দৰ্শন কৰিব পাৰিব।

অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ই-সেৱাত আবেদন কৰা পিছত আবেদন পত্ৰৰ স্থিতি সম্পৰ্কে নিৰীক্ষণ কৰিব পাৰিমনে?
  • হয়, পাৰিব। আবেদন সেৱা সম্পৰ্কীয় ৱেবছাইটত এই সুবিধা উপলব্ধ। আবেদন পত্ৰ জমা দিয়াৰ সময়ত প্ৰদান কৰা আবেদন পত্ৰৰ সংখ্যা অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰ নতুবা ইউ.আই.এন (UIN) নাম্বাৰৰ ব্যৱহাৰেৰে আপুনি আপোনাৰ আবেদন পত্ৰৰ স্থিতি সম্পৰ্কে অৱগত হোৱাৰ লগতে অৱস্থান সন্দৰ্ভত নিৰীক্ষণো কৰিব পাৰে।

কোনো এটা পেইজ অ'পেন কৰা সময়ত আন এটা বাহ্যিক লিংকলৈ পুন:নিৰ্দেশিত কৰিলে ব্যৱহাৰকাৰীৰ পক্ষে এইয়া সুৰক্ষিত ব্যৱস্থা হ'বনে?
  • হয়, আপুনি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। কাৰণ, আপুনি বিচৰা সেৱা লাভ কৰিবলৈ সুৰক্ষিত লিংকলৈ আপোনাক পুন:নিৰ্দেশিত কৰা হৈছে।

ইংৰাজী ভাষাৰ বাদে অন্যান্য ভাষাত অসম ৰাজ্যিক পোৰ্টেল উপলব্ধ নে?
  •  হয়। আমি আপোনাক জনাবলৈ পাই সুখী হৈছো যে, অসম ৰাজ্যিক পোৰ্টেলত সন্নিবিষ্ট বিষয়বস্তুসমূহ দ্বিভাষিক (ইংৰাজী আৰু অসমীয়া) ৰূপত উপলব্ধ। ইংৰাজী ভাষাটো অবিকল্পিত। পোৰ্টেলৰ ওপৰিপৃষ্ঠৰ শীৰ্ষত, সৌফালে উপলব্ধ অসমীয়া শাখাত ক্লিক কৰি সমলৰ ভাষা সলনি কৰিব পাৰিব। 

ৰাজ্যিক পোৰ্টেল সম্পৰ্কে কেনেদৰে মতামত আগবঢ়াম?
  • পোৰ্টেলত উপলব্ধ সুবিধাসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা সন্দৰ্ভত অপুনি প্ৰেৰণ কৰা বহুমূলীয়া মতামতক প্ৰতি আমি প্ৰশংসা কৰোঁ। মুখ্যপৃষ্ঠাৰ সোঁফালে থকা মতামত শীৰ্ষক লিংকৰ অন্তৰ্গত প্ৰপত্ৰ খন পূৰন কৰি আপোনাৰ মতামত আমালৈ প্ৰেৰণ কৰিব পাৰে।

ৰাজ্যিক পোৰ্টেল সন্দৰ্ভত যিকোনো মতামত প্ৰকাশ কৰিব পাৰিমনে?
  • চালুকীয়া অৱস্থাত থকা ফিচাৰৰ উন্নতিৰ ক্ষেত্ৰতেই হওঁক বা নতুন কোনো ফিচাৰৰ বিকাশৰ ক্ষেত্ৰতেই হওঁক, আমি আপোনাৰ অভিজ্ঞতা বৃদ্ধিৰ ক্ষেত্ৰত সদা প্ৰস্তুত। পাদটীকাত (footer) উল্লেখিত আপোনাৰ মতামত শীৰ্ষক লিংকৰ অন্তৰ্গত প্ৰপত্ৰ খন পূৰন কৰি আপোনাৰ বহুমূলীয়া পৰামৰ্শ আৰু মতামত জানিবলৈ আমি সদায় তৎপৰ।!

ব্যৱহাৰকাৰীয়ে ক’ত অভিযোগ উত্থাপনৰ কৰিব?
  • অভিযোগ উত্থাপন কৰিবলৈ পোৰ্টেলৰ মুখ্যপৃষ্ঠাত উল্লেখিত কেন্দ্ৰীভূত জন অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ ব্যৱস্থাত (CPGRAMS) ক্লিক কৰিলে উক্ত ৱেবচাইটোলৈ পুন:নিৰ্দেশিত হ'ব, যিটো নেকি যিকোনো ঠাইৰ পৰা, যিকোনো সময়তে (২৪*৭)মন্ত্ৰালয় বা বিভাগ বা সংগঠনৰ আধাৰত পীড়িত নাগৰিকৰ জৰিয়তে অভিযোগসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত একধৰণৰ তাৎক্ষনিক আৰু মন:পুত ৱেব-সক্ষম প্ৰক্ৰিয়া। সিস্টেমে (কম্পিউটাৰ বা লেপটপ) গঠন কৰা একক পঞ্জীয়ন সংখ্যাৰ (UIR NO) মাধ্যমত পোৰ্টেলত সন্নিবিষ্ট অভিযোগসমূহৰ স্থিতি লক্ষ্য কৰাৰ সা-সুবিধা উপলব্ধ।